ধূলি আৰু গৰমৰ বাবে চকুৰ পোৰণি হৈছে নেকি? ইয়াৰ কেইবাটাও ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো আহক...
চকু জ্বলা-পোৰাৰ ঘৰুৱা প্ৰতিকাৰ: বৰ্তমান গৰম ইয়াৰ চৰম সীমাত আছে। উজ্জ্বল সূৰ্যৰ পোহৰে কেতিয়াবা আমাৰ চকু ভাগৰুৱা কৰে আৰু চকুৰ জ্বলা-পোৰা কৰে (Burning Eyes)। তীব্ৰ সূৰ্যৰ পোহৰ, প্ৰদূষণ, গৰম বতাহে আমাৰ চকুত পোনপটীয়া প্ৰভাৱ পেলায়।
তদুপৰি, ঘৰত ঘন্টাৰ পিছত ঘণ্টা লেপটপৰ সন্মুখত কাম কৰি থকা লোকসকলে এই সমস্যাটো দেখাটো সচৰাচৰ হয়। সূৰ্যৰ পোহৰ আৰু নীলা ৰশ্মিৰ ফলত চকুত অতি বেয়া প্ৰভাৱ পৰে যাৰ ফলত চকুত জ্বলা-পোৰা আৰু খজুৱতি হয়। কেতিয়াবা ই মূৰৰ বিষো সৃষ্টি কৰে আৰু আমাক ভাগৰুৱা অনুভৱ কৰায়। এই ক্ষেত্ৰত, আপোনাৰ চকুৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে ঘৰত থাকোঁতে আমাৰ চকুৰ জ্বলা-পোৰা প্ৰশমিত কৰিবলৈ কি ঘৰুৱা প্ৰতিকাৰ (Home Remedies) গ্ৰহণ কৰিব পাৰি জানো আহক।
যদি চকুত তীব্ৰ জ্বলা-পোৰা হয়, কুহুমীয়া পানীৰে প্ৰথমে চকু ধুব। চকুৰ প্ৰদাহ আৰু শুস্কতা আৰোগ্য কৰিব পাৰি।
আপুনি গোটেই দিনটোত কেইবাবাৰো চকুত গৰম সেক দিব পাৰে। ইয়াৰ বাবে, গৰম পানীত কাপোৰ এখন তিয়াই দিয়ক আৰু ইয়াক চেপি দিয়ক। ইয়াৰ পিছত চকু বন্ধ কৰি সেক দি থাকক। এইটো দিনত কেইবাবাৰো কৰিব।
৩. বেবী চেম্পু ব্যৱহাৰ কৰক
কুহুমীয়া পানীত বেবী চেম্পু দ্ৰৱীভূত কৰক আৰু কপাহৰ সহায়ত চকু আৰু চকুৰ পতা মচি দিয়ক। এনে কৰিলে তেল গ্ৰন্থিবোৰ খোল খাব আৰু প্ৰদাহ হ্ৰাস কৰিব।
৪. অমেগা ৩ (Omega-3) ফেটি এচিড সেৱন কৰক
অমেগা ৩ ফেটি এচিড থকা বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত চকু শুষ্কতা নোহোৱা হয় আৰু জ্বলা-পোৰা হ্ৰাস হয়।
৫. ঘৰত হিউমিডিফায়াৰ ব্যৱহাৰ কৰক
ঘৰত বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ বাবে, আপুনি বজাৰৰ পৰা হিউমিডিফায়াৰ এটা কিনিব পাৰে। ই চকুৰ শুষ্কতা হ্ৰাস কৰে যাৰ ফলত চকুৰ প্ৰদাহ দ্ৰুত গতিত আ৬. তিয়ঁহ ব্যৱহাৰ কৰকৰোগ্য হয়
৬. তিয়ঁহ ব্যৱহাৰ কৰক
চকুৰ জ্বলা-পোৰা আৰু প্ৰদাহ হ্ৰাস কৰিবলৈ তিয়ঁহ ব্যৱহাৰ কৰিব পাৰি। তিয়ঁহৰ দুটুকুৰা কাটি ঠাণ্ডা হোৱাৰ বাবে ৰেফ্ৰিজেৰেটৰত ৰাখক আৰু ঠাণ্ডা হ'লে ইয়াক প্ৰায় ১০ মিনিটৰ বাবে আপোনাৰ চকুত লগাই ৰাখক। এনে কৰিলে আপোনাৰ চকুত আৰাম পাব।
৭. টি বেগ
চাহ পাতত টেনিক এচিড থাকে যি চকুৰ চাপ হ্ৰাস কৰে। যিকোনো টি বেগ লওঁক আৰু ঠাণ্ডা পানীত ৰাখক। এইটো চকুত লগাই ৰাখিব আপুনি পাৰ্থক্য অনুভৱ কৰিব।
৮. গোলাপৰ পানীৰ ব্যৱহাৰ
যদি চকুত জ্বলা-পোৰা হয়, কপাহখিনি গোলাপৰ পানীত ডুবাই দিয়ক আৰু ইয়াক চকুত লগাওক আৰু এনেদৰে ১০ মিনিটৰ বাবে এৰি দিয়ক। আপুনি বিশ্ৰাম পাব।
Comments