বিয়া নিদিয়ালৈকে অব্যাহত থাকিব প্ৰতিবাদঃ প্ৰেমিকাৰ ঘৰৰ সম্মুখত প্ৰেমিকৰ ধৰ্ণা…

 প্ৰেমিকাই প্ৰেম প্ৰত্যাহাৰ কৰাৰ লগতে প্ৰেমিকাৰ পৰিয়ালে বিয়া দিয়াত অমান্তি হোৱা ঘটনাক কেন্দ্ৰ কৰি মানকাচৰৰ প্ৰেমিক এজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জস্থিত প্ৰেমিকাৰ ঘৰৰ সম্মুখত ধৰ্ণা দিয়া ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে যুৱক জনক আটক কৰিবলগীয়া হয়।

উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ চক বজাৰৰ জ্যোতিষ ঘোষৰ পুত্র বাপ্পা ঘোষ আজি দুপৰীয়া মানকাচৰৰ কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰি এখন মটৰ চাইকেল যোগে প্ৰায় ৪৫ কিলোমিটাৰ নিলগত থকা মেঘালয়ৰ আমপাতি থানা এলেকাৰ মহেন্দ্ৰগঞ্জত উপস্থিত হয়। দিনৰ প্ৰায় ২ বজাত যুৱক জন মহেন্দ্ৰগঞ্জস্থিত প্ৰেমিকাৰ ঘৰৰ সম্মুখত হাতত প্লেকাৰ্ড লৈ ন্যায় বিচাৰি ধৰ্ণাত বহে।

Comments

Popular posts from this blog

নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।

অক্সিজেনৰ অভাৱত দিল্লীত ২৫ জন ক'ৰোনা ৰোগীৰ মৃত্যু l

Men T Shirt Selling