নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।

 নিৰ্বাচনত পৰাজয় বৰন কৰি বিধায়িকা অঙুৰ লতাৰ ফেচবুকত আৱেগিক পোষ্ট ।  



গতানুগতিক ভাৱেই এইবাৰৰ বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল কিন্তু এই নিৰ্বাচনে জীৱনটোক উপলব্ধি কৰিব পৰাকৈ মোক বহু নতুন অভিজ্ঞতা দি গ'ল৷ 


প্ৰণিধানযোগ্য যে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পৰা বৰ্তমানলৈকে বিগত দিন কেইটাত মোৰ শুভাকাংক্ষী, অনুৰাগী, পৰামৰ্শদাতা তথা অভিভাৱক, আলোচক, সমালোচক সকলৰ অভূতপূৰ্ব আঙুৰলতা কেন্দ্ৰীক চৰ্চা দেখি মই অভিভূত হৈছোঁ৷ ইমান ব্যাপক সঁহাৰি মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ৷ মোৰ বাবে অতিবাহিত কৰা তেওঁলোকৰ এই বহুমূলীয়া সময়বোৰ মোৰ বাবেও অত্যন্ত মূল্যবান হৈ পৰিছে৷ মোৰ জয় পৰাজয়ে যে গৰিষ্ঠ সংখ্যকৰ মন মগজুত ক্ৰিয়া কৰে সেইয়া মোৰ জীৱনৰ এক অনন্য উপলব্ধি৷ 


মোৰ এই উপলব্ধি বোৰ মোৰ দৃষ্টিত প্ৰাসংগিক৷ কাৰণ ২০১৬ চনত বটদ্ৰৱাৰ বিধায়িকা হিচাপে নিৰ্বাচিত হৈ বটদ্ৰৱাৰ ভূমি বেদখলমুক্ত কৰি তাত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভনি কৰাৰ বেলাও চচিয়েল মিডিয়াত ইমান মতামত( বৰ্তমানলৈকে ২০ হাজাৰৰ অধিক) আৰু চৰ্চা লাভ কৰা নাছিলোঁ যিমান আজিৰ নিৰ্বাচনী পৰাজয়ত লাভ কৰিছোঁ৷ ই গঠনমূলক ভাৱে মোৰ মনোবল আৰু সাহস যথেষ্ট বৃদ্ধি কৰিলে৷ ইয়াতেই মোৰ প্ৰতি থকা মৰম আৰু আন্তৰিকতা বোৰ দেখিবলৈ পাইছোঁ৷


মোৰ প্ৰতি আপোনালোকৰ এই মৰম আন্তৰিকতাই মোক অত্যন্ত প্ৰভাৱিত কৰিছে আৰু মই আপোনালোকক কথা দিছোঁ যে অনাগত ভৱিষ্যতত মই মোৰ লক্ষ্যত উপনীত হবৰ বাবে দৃঢ়প্ৰতিজ্ঞ হৈছোঁ৷ আপোনালোকে বিচৰা ধৰণেই আঙুৰলতাক মানৱ সেৱাৰ বাবে প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰিছোঁ৷


বিগত ২০১৬ চনৰ নিৰ্বাচন আৰু ২০২১ চনৰ নিৰ্বাচনৰ পৰ্যালোচনা কৰিলে সকলোৱে দেখিবলৈ পাব যে 


          ২০১৬ চনত বিজেপি দলে ৪৬৩৪৩ হাজাৰ ভোট, 

          কংগ্ৰেছ দলে ৩৮৪৫৮ হাজাৰ ভোট আৰু 

         

          এ আই ইউ ডি এফে ৩৩০২২ ভোট লাভ কৰাৰ বিপৰীতে 


          ২০২১ চনত মহাজোঁট বন্ধনে ৮৪০৩৯ হাজাৰ ভোট লাভ কৰে আৰু বিজেপি দলে ৫১২৬১ হাজাৰ ভোট লাভ কৰে৷ 


আপাত দৃষ্টিৰে আমি জয় পৰাজয় ফলাফল দেখিবলৈ পাওঁ কিন্তু 

        

          ২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ৪৬৩৪৩ হাজাৰ ভোট আৰু 

          ২০২১ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে ৫১২৬১ হাজাৰ ভোট৷ 


ইয়াৰ পৰা সকলোৱে স্পষ্টকৈ দেখিবলৈ পাইছে যে বিজেপিৰ পক্ষত বটদ্ৰৱা ৰাইজৰ মৰম আৰু বিশ্বাস পূৰ্বতকৈ বহুত বাঢ়িছে৷ 


আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখা বটদ্ৰৱাৰ প্ৰতিগৰাকী ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ বটদ্ৰৱাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত আমি বিগত পাঁচটা বছৰত কৰা ৰাস্তা ঘাট আদি বহু উন্নয়নমূলক কামৰ বিপৰীতে ২০১৬ চনৰ সমানেই ভোট লাভ কৰিছোঁ৷ সংখ্যালঘু অঞ্চলত অভূতপূৰ্ব উন্নয়নে বিজেপিৰ ভোট বৃদ্ধি কৰিব নোৱাৰিলে৷ সেয়েহে আমাক ভোটদান কৰা সংখ্যালঘু সম্প্ৰদায়ৰ দলীয় কাৰ্যকৰ্তা সকল তথা শুভাকাংক্ষী সকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷


Comments

Popular posts from this blog

অক্সিজেনৰ অভাৱত দিল্লীত ২৫ জন ক'ৰোনা ৰোগীৰ মৃত্যু l

Men T Shirt Selling