বিধায়িনী দলৰ সভাত হিমন্ত বিশ্ব–সৰ্বানন্দ সোণোৱালক লৈ কি ক'লে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে?
মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিষয়টোত আৰম্ভণিৰে পৰা এক বিশেষ ভূমিকা পালন কৰি আহিছিল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ সিং টোমাৰে। বিধায়িনী দলৰ সভাত নিজ ভাষণত কয়– 'শপত গ্ৰহণৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা। সকলোৱে বহু দিনৰ পৰা কৰি থকা প্ৰতীক্ষাৰ অন্ত পৰিল। এই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে সকলোকে ধন্যবাদ। বিগত বৰ্ষত মন্ত্ৰী হিচাপে কাম কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই আৰু আজি মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰিছে।
মই এই কথা গৰ্বিত হৈ ক'ব পাৰোঁ যে বিগত পাছ বছৰত বিজেপিৰ কাম-কাজ অসমত দ্ৰুতগতিত হৈছে। বিগত পাঁচ বছৰৰ চৰকাৰখনক সৰ্বানন্দ সোণোৱালে যি নেতৃত্ব দিলে তাৰ বাবে অশেষ ধন্যবাদ। ইউ ইউ পি এল আৰু অগপকো ধন্যবাদ।'
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগন্তুক পাঁচ বছৰত মিত্ৰজোঁটৰ চৰকাৰক কাম কৰাৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
Comments